গুৱাহাটীত পুনৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য।
এইবাৰ গান্ধীবস্তীত উদ্ধাৰ এজন লোকৰ মৃতদেহ।
মৃত লোকজনৰ নাম হামিদুল ইছলাম বুলি জানিব পৰা গৈছে।
পেছাত এগৰাকী কাপোৰৰ ব্যৱসায়ী আছিল হামিদুল।
দেওবাৰে বিয়লি ৪ বজাত শেষবাৰৰ বাবে তেওঁক গান্ধিবস্তী তিনিআলীত দেখা পাইছিল স্থানীয় লোকে।
তাৰ পিছতে দেওবাৰে উদ্ধাৰ হয় ব্যক্তিজনৰ মৃতদেহ।
ইতিমধ্যে চানমাৰি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে মৃতদেহটো।
এয়া হত্যা নে আত্মহত্যা, তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ।