মহানগৰীৰ অভিজাত ব্যৱসায়ী সন্ধানহীন…

52

মহানগৰীৰ ছ’হাম শ্বপী নামৰ অভিজাত ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী সন্দীপ জালান সন্ধানহীনৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মঙলবাৰে সন্ধিয়া প্ৰায় ৭ বজাৰ পৰা সন্ধানহীন হৈ থকা সন্দীপ জালানৰ সন্ধানত আৰক্ষীয়ে জোৰদাৰ অভিযান অব্যাহত ৰাখিছে যদিও এই মুহূৰ্তলৈকে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই ব্যৱসায়ী গৰাকীৰ।

জানিব পৰা মতে, মঙলবাৰে এটা বেগসহ শ্বহাম শ্বপীৰ পৰা ওলাই আহিছিল সন্দীপ জালান। কিন্তু তাৰ পিছতে সন্ধানহীন হৈ পৰে তেওঁ। ইফালে মোবাইল ট্ৰেক অনুসৰি সন্দীপ জালানৰ শেষ লোকেশ্যন ছয়গাঁৱত পোৱা বুলি জানিব পৰা গ’লেই এই সন্দৰ্ভত পৰিয়ালে গ্ৰহণ কৰা মৌনতাই অধিক ৰহস্যঘন কৰি তুলিছে সমগ্ৰ বিষয়টো। আৰক্ষীয়ে সন্দীপ জালানৰ সন্ধান বিচাৰি আছে বৰ্তমানো।