মহানগৰীত ২০ লক্ষাধিক টকা মূল্যৰ হেৰোইন জব্দ, ৩জনক আটক

96

মঙলবাৰে নিশা মহানগৰীৰ কেইবাটাও স্থানত গড়চুক অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে ৩জনক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে সাউকুছি, দাতালপাৰা, কটাহবাৰীৰ বিভিন্ন স্থানত অভিযান চলায়।

ইফালে ড্ৰাগছৰ সৰবৰাহৰে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰা ৩ জনক বিহাৰৰ ৰাহুল খাৰাও, সাউকুছিৰ ৰিতিক সিং আৰু ৰঙিয়াৰ জিতুমণি কলিতা বুলি চিনাক্ত কৰা হৈছে।

অভিযানকালত গড়চুক আৰক্ষীয়ে ২০ লক্ষাধিক টকা মূল্যৰ ১০ পেকেট হেৰোইন আৰু ২০টা খালী কণ্টেইনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জব্দ হোৱা ড্ৰাগচৰ ওজন ১৩২ গ্ৰাম আৰু এই অভিযানত আৰক্ষীয়ে নগদ ধনো জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, সৰবৰাহকাৰী কেইজনে মহানগৰীত ভাড়া ঘৰ লৈ ড্ৰাগছৰ অবাধ বেহা চলাই গৈছিল। আৰক্ষীৰ জেৰাত জিতুমণিয়ে স্বীকাৰ কৰে যে, তেওঁৰ লগত থকা সম্বন্ধীয় আব্দুল্লা নামৰ যুৱকজনৰ নেতৃত্বতে চলি আছে ড্ৰাগছৰ বেহা। বৰ্তমান আব্দুল্লাক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।