গুৱাহাটীৰ চিৰিয়াখানা পথ অঞ্চলত সংঘটিত এক পথ দুৰ্ঘটনাত ঘটনাস্থলীতে মৃত্যু ঘটে এজন লোকৰ।
মৃত ব্যক্তিজনক এপোলো হাস্পতালৰ কৰ্মচাৰী দ্বিজেন বৈশ্য বুলি চিনাক্ত কৰা হৈছে।
চিটি চেণ্টাৰ শ্বপিং মলৰ সন্মুখত এখন পানীৰ টেংকৰ বাহনে তেওঁক খুন্দা মাৰিছিল যাৰ ফলত ঘটনাস্থলীত বৈশ্যৰ মৃত্যু ঘটে।
দুৰ্ঘটনা সংঘটিত কৰা পানীৰ বাহনখনৰ নম্বৰ হৈছে এএছ ০১ এএ ১২৫১।
জানিব পৰা মতে, বৈশ্য নলবাৰীৰ বাসিন্দা আছিল আৰু তেওঁ এটা ভাড়াঘৰত গুৱাহাটীত বাস কৰিছিল।
উল্লেখ কৰিব পাৰি যে স্থানীয় লোকে দাবী কৰিছিল যে পানীৰ টেংকৰ বাহনখনৰ চালকজনে সুৰাপান কৰিছিল যাৰ বাবে তেওঁ বাহনখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই এই দুৰ্ঘটনা সংঘটিত কৰে।
