মহানগৰীত বৃহৎ পৰিমাণৰ বিস্ফোৰকসহ ৩ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

78

শাৰদীয় দুৰ্গোৎসৱক লৈ ৰাজ্যবাসী তৎপৰ হোৱাৰ সময়তে মহানগৰীৰ আই এছ বি টিত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী। গড়চুক আৰক্ষীয়ে অভিযান চলাই শ্বিলঙৰ পৰা ৰাণীলৈ নি থকা অৱস্থাতে AS15 AC 4867নম্বৰৰ এখন বলেৰ’ পিকআপ ভানৰ পৰা বৃহৎ পৰিমাণৰ জিলেটিন ষ্টিক জব্দ কৰে। জব্দকৃত বিস্ফোৰক সামগ্ৰীখিনিৰ মূল্য প্ৰায় ১৫ কোটি টকা হব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তিনি জন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে দুই সৰবৰাহকাৰী ক্ৰমে- ৰহিম বাদশ্বাহ আৰু আইনুল আলীৰ লগতে আৰক্ষীক ঘোচ দি বাহন মোকোলাই নিবলৈ অহা আন এজন অভিযুক্ত আছাদুল ইছলামকো গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে সদৰী কৰা মতে, ছয়গাঁৱৰ গৰৈমাৰীৰ কাদেম আলী নামৰ এজন লোকৰ নেতৃত্বতে এই বৃহৎ পৰিমাণৰ বিস্ফোৰক মেঘালয়ৰ পৰা সৰবৰাহ কৰা হৈছিল। আনহাতে আৰক্ষীয়ে জব্দ কৰা বাহনখন মোকোলাই নিবলৈ লগত ৩০ হাজাৰ টকা দি আছাদুল ইছলাম নামৰ অভিযুক্ত জনকো এই কাদেম আলীয়েই আৰক্ষীৰ ওচৰলৈ পঠিয়াইছিল।