মহানগৰীত বন্ধ কোঠাৰ ভিতৰত ৰহস্যজনকভাৱে উদ্ধাৰ ৫ দিনে নিৰুদ্দেশ হৈ থকা ব্যক্তিৰ মৃতদেহ

97

গুৱাহাটীঃ মহানগৰীৰ হাতীগাঁওত এটা বন্ধ কোঠাৰ ভিতৰত এগৰাকী চিত্ৰশিল্পীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৫৫ বছৰীয়া মৃত ব্যক্তিজনক মিলন ছেত্ৰী বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে মিলন ছেত্ৰী যোৱা ১৮ নৱেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছিল।

ইফালে সোমবাৰে সন্ধিয়া স্থানীয় লোকে হাতীগাঁওৰ লক্ষ্মীনগৰত ২৪ নং ঘৰত ব্যক্তিজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। আনহাতে তেওঁৰ পেটত আঘাতৰ চিন স্পষ্ট হোৱালৈ চাই এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে। ঘটনাস্থলীৰ পৰা এখন চুৰীও উদ্ধাৰ কৰে আৰক্ষীয়ে।

জানিব পৰা মতে লক্ষ্মীনগৰৰব মহম্মদ আতাউৰ ৰহমান নামৰ লোকজনৰ ঘৰত দীৰ্ঘ সময়ৰ পৰা হাউচ কীপাৰ তথা তত্বাৱধায়ক হিচাপে কাম কৰি আহিছিল মিলন ছেত্ৰীয়ে। আনহাতে তেওঁ ঘৰুৱা পেইণ্টাৰ হিচাপেও কাম কৰিছিল।

স্থানীয় লোকে জানিবলৈ দিয়া মতে মিলন ছেত্ৰীয়ে শাহুৱেক, দুই পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰ সৈতে বাস কৰিছিল। কিন্তু পৰিয়ালৰ মাজত প্ৰায়ে সংঘাত সৃষ্টি হোৱা বুলি দাবী কৰে স্থানীয় নিবাসীয়ে। তেঁনে পৰিপ্ৰেক্ষিতত ব্যক্তিজনৰ হত্যা হোৱাৰ সন্দেহ কৰা হৈছে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।