উন্নয়নকামী মোদী চৰকাৰৰ দিনত গুৱাহাটীত শতকৰ ঘৰ অতিক্ৰম কৰিলে পেট্ৰলে। দেওবাৰে ৮৬ পইচা পুনৰ বৃদ্ধি পোৱাৰ পিছত মহানগৰীত প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য হয়গৈ ১০০.০৭ টকা। ইফালে আজি প্ৰতিলিটাৰ ডিজেলৰ দাম হৈছে ৯২.৪২ টকা।
দুৰ্গা পূজাৰ সময়তে পেট্ৰলৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে মাধমাৰ শোধাইছে সাধাৰণ জনতাক। আনহাতে পেট্ৰল-ডিজেলৰ মূল্যৰ সমান্তৰালভাৱে ৰন্ধন গেছৰ অভাৱনীয় মূল্যবৃদ্ধিয়েও ভীষণ সমস্যাত পেলাইছে নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীক।
