শুকুৰবাৰে নিশা গুৱাহাটীৰ গণেশগুৰিৰ গণেশ মন্দিৰৰ সমীপত সংঘটিত হয় এক অপ্ৰীতিকৰ ঘটনা। এজন সুৰাসক্ত স্কুটী চালকে প্ৰহাৰ কৰে কৰ্তব্যৰত আৰক্ষীক।
জানিব পৰা মতে, তালাচীৰ সময়ত নিয়ম ভংগকাৰী সুৰামত্ত যুৱকজনে আৰক্ষীক প্ৰহাৰ কৰে। ইফালে এগৰাকী মহিলা আৰক্ষীকো যুৱকজনে প্ৰহাৰ কৰে।
উল্লেখ্য যে, বৰ্তমানলৈকে ৩১ গৰাকী লোকক DJ Lockerত ৰখা হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশমতে দুৰ্ঘটনা মুক্ত কৰা লক্ষ্যৰে ৩১ ডিচেম্বৰৰ নিশা সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলায় আৰক্ষীয়ে।
