মহানগৰ আৰক্ষী অধিক কঠোৰ হৈ পৰিছে

12

কংগ্ৰেছৰ প্ৰতিবাদৰ পাছতেই নিৰাপত্তাৰ ক্ষেত্ৰত অধিক কঠোৰ হৈ পৰিছে মহানগৰ আৰক্ষী। শেহতীয়াকৈ মহানগৰ আৰক্ষীয়ে জাৰি কৰি বি এন এছ ১৬৩। এই ধাৰাৰ অধীনত এটা স্থানত ৫জনতকৈ অধিকলোক সমবেত হ’ব নোৱাৰিব। অনিৰ্দিষ্টকাললৈ এই নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে।গুৱাহাটীস্থিত ৰাজভৱনৰ ১ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এই ধাৰা জাৰি কৰিছে প্ৰশাসনে। সোমবাৰে ডিচিপি অমিতাভ বসুমতাৰীয়ে এই নিৰ্দেশনা জাৰি কৰে।এই ধাৰা জাৰি কৰাৰ লগে লগে নিৰ্ধাৰিত এলেকাত ৫ জনতকৈ অধিকলোক সমবেত হ’ব নোৱাৰিব। এই এলেকাত কোনোৱে প্ৰতিবাদ, ধৰ্ণা বা ৰেলী আদি অনুষ্ঠিত কৰিব নোৱাৰিব। অনুমতিবিহীনভাৱে ৰাজভৱনৰ চাৰিওফালে বাহন বা ব্যক্তি যাব নোৱাৰিব। যদি কোনোৱে এই ধাৰাৰ নিয়ম উলংঘা কৰে তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে।