মমতা বেনাৰ্জীৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ বিজেপিৰ

84

ডিজিটেল ডেস্ক:- পশ্চিম বংগত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নড্ডাৰ কনভয়ৰ বাহনত দুৰ্বৃত্তই ইটাৰে কৰা আক্ৰমণৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপিয়ে। এই আক্ৰমণ তৃণমূল কংগ্ৰেছৰ গুণ্ডা বাহিনীয়ে সংঘটিত কৰাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে প্ৰতিবাদত নামে বিজেপি কৰ্মী।

প্ৰায় সহস্ৰাধিক বিজেপি কৰ্মীয়ে মমতা বেনাৰ্জীৰ পদত্যাগৰ দাবী তুলি তৃণমূল কংগ্ৰেছ মূর্দাবাদ, পশ্চিম বংগক মমতাৰ পৰা ৰক্ষা কৰক আদি শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।