মন্দিৰত চোৰৰ চাফাই অভিযান

111

আকৌ অভয়াপুৰীৰ ঐতিহাসিক গনেশ মন্দিৰত চোৰৰ অভিযান।

নিশা বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ লালমাটি-ডুৰামাৰীস্থিত ঐতিহাসিক গনেশ মন্দিৰত চোৰৰ প্ৰবেশ।

মূল মন্দিৰৰ তলা ভাঙি চোৰে প্ৰৱেশ কৰি লুটি নিলে গনেশ প্ৰভুৰ ৰূপৰ মুকুটকে ধৰি ৰূপৰ অন্যান্য অলংকাৰ।

চোৰে মন্দিৰৰ চি চি টিভি কেমেৰাৰ সংযোগ কাটি চলালে অভিযান ।

পুৱা মন্দিৰৰ পুৰোহিত মন্দিৰত উপস্থিত হৈ চুৰিকাণ্ড সংঘটিত হোৱা সন্দৰ্ভত অৱগত হয়।

ইতিমধ্যে ঘটনাস্থলীত অভয়াপুৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে পুৰ্বেও ঐতিহাসিক মন্দিৰটোত সংঘটিত হৈছিল চুৰিকাণ্ড।