মন্দিৰ দৰ্শনৰ বাবে যোৱাৰ পথতে দুৰ্ঘটনাত পতিত হৈ মৃত্যু ৪ ভক্তৰ…

215

ঐতিহাসিক তিৰুমালা মন্দিৰ দৰ্শন কৰিবলৈ যোৱাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাবলগীয়া হ’ল ৪ ভক্তই।

বুধবাৰে তিৰুপতিৰ সমীপৰ চন্দ্ৰগিৰি মণ্ডলত ভক্তৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই কালভাৰ্টত খুন্দা মৰাৰ ফলত থিতাতে প্ৰাণ হেৰুৱায় ৪জন লোকে।

জানিব পৰা মতে, মহাৰাষ্ট্ৰৰ সোলাপুৰ জিলাৰ পৰা অহা ভক্তসকলে তিৰুমালালৈ তীৰ্থযাত্ৰা সম্পূৰ্ণ কৰি কানিপাকম মন্দিৰলৈ গৈ থকা অৱস্থাত নৈডুপেট-পুথালাপট্টু ঘাইপথৰ কাষৰ কলৰোডপল্লী গাঁৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।

ইফালে এই দুৰ্ঘটনাত আহত হয় আন তিনিজন লোক।

ঘটনাস্থলীত পৰৱৰ্তী সময়ত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক উদ্ধআৰ কৰি তিৰুপতিৰ এছভিআৰআৰ চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনাটোত নিহত সকলক অনন্ত থেমবুকৰ, ময়ূৰ, ঋষিকেশ আৰু অজয় বুলি চিনাক্ত কৰা হৈছে।

চন্দ্ৰগিৰি আৰক্ষীয়ে গোচৰ ৰুজু কৰি মৰণোত্তৰ পৰীক্ষাৰ আনুষ্ঠানিকতা গ্ৰহণ কৰে।