ৰাজ্যৰ শিক্ষা বিভাগৰ সন্দৰ্ভত মন্ত্ৰী শৰ্মাই জনতা ভৱনত দেওবাৰে সম্বোধন কৰে এখন সংবাদমেলৰ। এইবাৰ প্ৰাদেশীকৃত মহাবিদ্যালয়ত ১০০ শতাংশ বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিব ছাত্ৰ-ছাত্ৰীয়ে। আগতে কেৱল দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছিল এই সুবিধা। কিন্তু কৰ’না ভাইৰাছৰ ফলত ৰাইজৰ হোৱা আৰ্থিক ক্ষতিৰ বাবে বিপিএল, এপিএলৰ ছাত্ৰ-ছাত্ৰী সকলোৱে লাভ কৰিব এই সুবিধা। অসমৰ প্ৰতিখন প্ৰাদেশীকৃত উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে এই সুবিধাই সামৰি ল’ব। আনকি চিকিত্সা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়, এগ্ৰিকালছাৰ মহাবিদ্যালয় সকলো শিক্ষানুষ্ঠানতে নামভৰ্তি হ’ব সম্পূৰ্ণ বিনামূলীয়া। আৰু যদিহে শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই নামভৰ্তি সময়ত বিভিন্ন অজুহাত দেখুৱাই মাছুল ল’ব বিচাৰে, তেন্তে নিৰ্দিষ্ট শিক্ষানুষ্ঠানৰ মুৰব্বীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব ৰাজ্য চৰকাৰে। এইবাৰ প্ৰাদেশীকৃত মহাবিদ্যালয়ত ১০০ শতাংশ বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিব ছাত্ৰ-ছাত্ৰীয়ে। আগতে কেৱল দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছিল এই সুবিধা। কিন্তু কৰ’না ভাইৰাছৰ ফলত ৰাইজৰ হোৱা আৰ্থিক ক্ষতিৰ বাবে বিপিএল, এপিএলৰ ছাত্ৰ-ছাত্ৰী সকলোৱে লাভ কৰিব এই সুবিধা।অসমৰ প্ৰতিখন প্ৰাদেশীকৃত উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে এই সুবিধাই সামৰি ল’ব। ৰাজ্যত সৰ্বশিক্ষাৰ অধীনত সেৱা আগবঢ়াই থকা ২৯,৭০১ জন শিক্ষকৰ চাকৰি কাল ৬০ বছৰ পৰ্যন্ত বাহাল থাকিব বুলি মন্ত্ৰী শৰ্মাই ঘোষণা কৰে। আনকি চৰকাৰী কৰ্মচাৰীয়ে পোৱা সকলো সুবিধা লাভ কৰিব। প্ৰতিবছৰে চৰকাৰী কৰ্মচাৰীৰ দৰে দৰমহা প্ৰতি বছৰে বৃদ্ধি পাব। ডি এ লাভ কৰিব। সকলো সুবিধা লাভ কৰিব। আনকি বেংকৰ পৰা লোনো লাভ কৰিব।সেইদৰে ১১,২০৬ গৰাকী ষ্টেট পুল শিক্ষকে ৰাজ্য চৰকাৰৰ পৰা যি দৰমহা লাভ কৰিছিল, সেই দৰমহাৰ পৰিৱৰ্তে ১ জুনৰ পৰা কাৰ্যকাৰী হোৱাকৈ চৰকাৰৰ ৰেগুলাৰ পে স্কেল লাভ কৰিব। তেওঁলোকৰো দৰমহা প্ৰতি বছৰে বাঢ়িব। সেইদৰে ৬০ বছৰলৈকে বাহাল থাকিব তেওঁলোকৰো চাকৰি।
ইয়াৰ লগে লগে ৰাজ্য চৰকাৰে আজিৰ পৰা এই সকল শিক্ষকৰ চাকৰি ৬০ বছৰলৈকে নিশ্চিতি প্ৰদান কৰিলে। ফলত নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ ৰাজ্য চৰকাৰ সক্ষম হ’ল বুলি দাবী কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ইয়াৰ উপৰিও হাইস্কুলৰ ঠিকা ভিত্তিক শিক্ষকসকলেও নিয়মীয়া শিক্ষকৰ সমহাৰত দৰমহা লাভ কৰিব। সেইদৰে চাকৰি কাৰ্যকাল ৬০ বছৰ পৰ্যন্ত বাহাল থাকিব। লগতে চৰকাৰী শিক্ষকে লাভ কৰা সকলো সুবিধা লাভ কৰিব।
মন্ত্ৰীগৰাকীয়ে কয় ‘চৰকাৰে কোনো দিন কোৱা নাই যে, টেট উত্তীৰ্ণ হ’লেই চৰকাৰে চাকৰি প্ৰদান কৰিব। টেট মাত্ৰ এটা অৰ্হতাহে। শিক্ষক হোৱাৰ যোগ্যতা অৰ্জন কৰিছে মাত্ৰ। সকলোৱে যে চাকৰি পাব সেইটো কথাও নহয়। যেতিয়া পদ খালী হ’ব বা বিজ্ঞাপন ওলাব, তেওঁলোকে আবেদন কৰিব লাগিব। আবেদনৰ ভিত্তিত লাভ কৰিব চাকৰি।”