গুৱাহাটীঃ নিৰ্বাচনী আদৰ্শ আচৰণ বিধি উলংঘা কৰাৰ অভিযোগত অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে অভিযোগ দাখিল কংগ্ৰেছ বিধায়ক তথা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই।
শইকীয়াই অশোক সিংঘলৰ বিৰুদ্ধে মুখ্য নিৰ্বাচন আয়ুক্তৰ ওচৰত অভিযোগ দাখিল কৰি কয় যে মন্ত্ৰীগৰাকীয়ে “অসাংবিধানিক মন্তব্য” কৰি আদৰ্শ আচৰণ বিধি উলংঘা কৰিছে আৰু ভোট প্ৰাপ্ত কৰিবলৈ ৰাইজক “ব্লেকমেইল” কৰাৰ চেষ্টা কৰিছে।
মুখ্য নিৰ্বাচন আয়ুক্তলৈ লিখা পত্ৰখনত কংগ্ৰেছ নেতাজনে কয়, “ৰাজ্যখনৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে কিন্তু নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত দেখা গৈছে যে অশোক সিংঘালে ৰাজহুৱা বিবৃতি দিয়াৰ সময়ত সাংবিধানিক ব্যৱস্থা আৰু আদৰ্শ আচৰণ বিধি উলংঘা কৰিছে।”
তেওঁ লগতে কয়, “গোসাইগাঁও সমষ্টিত এখন নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে যদি উপ-নিৰ্বাচনত মানুহে বিজেপিক ভোট নিদিয়ে তেন্তে সমষ্টিটোত কোনো উন্নয়ন নহ’ব আৰু বিজেপিক ক্ষমতালৈ ভোট দিয়াৰ দুমাহৰ ভিতৰত ডাইকৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হ’ব। আনহাতে, তেওঁ কয় যে যদি মানুহে বিজেপিক ভোট নিদিয়ে তেন্তে কামটো সম্পন্ন কৰা নহ’ব, লগতে জনসাধাৰণক এখন হাতেৰে দিবলৈ আৰু আনখন হাতেৰে ল’বলৈ ৰাজহুৱাভাৱে ক’লে।”
তেওঁ লগতে কয়, “এনে মন্তব্য অতি দুৰ্ভাগ্যজনক কিয়নো গণতান্ত্ৰিক ব্যৱস্থাৰ অধীনত জাতি, ধৰ্ম আৰু ভাষা নিৰ্বিশেষে সকলোৰে বাবে সমান বিকাশৰ ব্যৱস্থা আছে।”
উল্লেখ্য যে, অহা ৩০ অক্টোবৰত ৰাজ্যৰ মৰিয়নী, থাওৰা, গোসাইগাঁও, ভৱানীপুৰ আৰু তামুলপুৰ বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হব।
