মনোনয়ন দাখিল কৰি মন্ত্ৰী চন্দন ব্ৰহ্মৰ শক্তি প্ৰদৰ্শনঃ মোৰ জয় নিশ্চিত

60

বিপিএফৰ চিদলী (জনজাতি) বিধানসভা সমষ্টিৰ প্ৰাৰ্থী মন্ত্ৰী চন্দন ব্ৰহ্মই আজি শক্তি প্ৰদৰ্শন কৰে৷ কাজলগাঁও হাজাৰ হাজাৰ দলীয় কৰ্মী-সমৰ্থকক লগত লৈ মনোনয়ন দাখিল কৰে চন্দন ব্ৰহ্মই। চতুৰ্থবাৰৰ বাবে চিৰাঙৰ চিদলী (জনজাতী) বিধান সভা সমষ্টিৰ পৰা বিপিএফ দলৰ প্ৰাৰ্থিত্ব লাভ কৰি মনোনয়ণ দাখিল কৰে চন্দন ব্ৰহ্মই।

জিলা সদৰ কাজলগাঁৱৰ উদাংশ্ৰি আলাৰী ষ্টেডিয়ামত বিপিএফৰ কৰ্মী সমৰ্থকৰ লানি নিছিগা শাৰী পৰিলক্ষিত হয়। মনোনয়ন পত্ৰ দাখিলৰ পুৰ্বে ষ্টেডিয়ামত উপস্থিত থাকি চন্দন ব্ৰহ্মই কয় যে সমষ্টিৰ হেজাৰ হেজাৰ লোকৰ সমৰ্থনে মোক জয়ী কৰোৱাৰ আগজাননী দিছে। বিটিচিৰ ১২টা সমষ্টিয়ে বিপিএফৰ দখলত থাকিব গতিকে অসমত মহাজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত।

বিজেপি-ইউপিপিএল মিত্ৰজোঁটৰ কোনো কাম নহব বুলিও কয় চন্দন ব্ৰহ্মই। অনুষ্ঠানত বিপিএফৰ নেতা তথা চিদলী সমষ্টিৰ প্ৰাক্তন বিধায়ক মতিন্দ্ৰ বসুমতাৰী, বিটিচিৰ প্ৰাক্তন উপ-মুখ্য কাৰ্যবাহী খাম্ফা বৰগয়াৰী উপস্থিত থাকে।