মধ্যপ্ৰদেশত বাছ দুৰ্ঘটনা! নিহত এজন, আহত ২০

193

মঙলবাৰে মধ্যপ্ৰদেশৰ প্ৰায়বোৰ জিলাতে ধাৰাসাৰ বৰষুণ। ইফালে, খাৰগাঁও জিলাত সংঘটিত হৈছে এক বৃহৎ পথ দুৰ্ঘটনা। খাণ্ডোৱাৰ পৰা ইন্দোৰলৈ গৈ থকা এখন যাত্ৰীবাহী বাছ সনাৱাদ-ধনগাঁওৰ মাজত নৈত বাগৰি পৰে। ইয়াৰ ফলত এজন যাত্ৰীৰ মৃত্যু হয়। ২০ জনতকৈ অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

মঙলবাৰে সন্ধিয়া ইন্দোৰ-ইছাপুৰ ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। সনাৱাদ-ধনগাঁওৰ মাজৰ নৈত বাছখন বাগৰি পৰে। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু অন্যান্য বিষয়াসকল সেই স্থানত উপস্থিত হয়। ২০ জনতকৈ অধিক যাত্ৰী আহত হৈছে। এম্বুলেন্সযোগে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

খাণ্ডোৱাৰ আৰক্ষী অধীক্ষক বিবেক সিঙে জনোৱা মতে, দুৰ্ঘটনাত এজন যাত্ৰীৰ মৃত্যু হোৱাটো নিশ্চিত হৈছে। ইয়াৰ পূৰ্বে ধাৰ জিলাৰ খালঘাটত এখন বাছ নৰ্মদা নৈত পৰি বাছখনত থকা ১৩ জন যাত্ৰীৰ আটাইকেইজন যাত্ৰী নিহত হৈছিল।