মধ্য গুৱাহাটী উন্নয়ন সমিতি ’ ইউনাইটেড বেংক অফিচাৰ সন্হাৰ সাহৰ্য্য বিতৰণ

102

ষ্টাফৰিপোৰ্টাৰ, ১৯ এপ্ৰিল : সমগ্ৰ ৰাজ্যত লকডাউন অব্যাহত থকাৰ সময়তে মধ্য গুৱাহাটী উন্নয়ন সমিতি আৰু ইউনাইটেড বেংক অফিচৰ সন্হাই দেওবাৰে মহানগৰীৰ কেইবাটাও অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ মহানগৰীৰ নৱগ্ৰহ ’ লেম্বৰোড’, জুৰোড, গনেশগুৰি’ হৰিজন কলনিত প্ৰায় তিনি শতাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰন কৰে৷ সামাজিক দুৰত্ব বজায় দৰিদ্ৰ পৰিয়াল কেইটাৰ মাজত চাউল’ দাইল’ আলু ’ মিঠাতেল ’ নিমখ ’ চাবোন আদি কেইবাবিধো সামগ্ৰী দিয়া হয় ৷ মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ সভাপতি , মৃগেন শৰনীয়া, সাধাৰণ সম্পাদক ৰাজীৱ দাস, ইউনাইটেড বেংক অফিচাৰ সন্হাৰ সভাপতি বিশ্বজিত খাউণ্ড, প্ৰাক্তন এৰিয়া সভাৰ মেম্বাৰ ৰুপালী মুখাৰ্জী’ সমাজ কৰ্মী পংকজ শৰ্মা উপস্থিত থাকি সহযোগিতা আগবঢ়াই ৷এইক্ষেত্ৰত সভাপতি মৃগেন শৰনীয়াই কয় “দেশৰ দুৰ্যোগৰ সময়ত অতি দৰিদ্ৰ পৰিয়ালক সহায় কৰাটো আমাৰ দায়িত্ব ৷ ইয়াৰ বাবে আমি কিছু পৰিমানে দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছো ৷” আৰ্থিক ভাবে যি সম্বল তেওঁলোকেও দুখীয়াক সামন্য পৰিমানে সহায় কৰক মৃগেন শৰনীয়াৰ আহ্বান জনায়।