গুৱাহাটী: নিশাৰ মহানগৰীত সংঘটিত হল এক ভয়ংকৰ ঘটনা। গুৱাহাটীৰ ৰুক্মিণীগাঁৱত মদৰ ৰাগীত মাতাল হৈ এগৰাকী যুৱতীয়ে গাড়ীৰে ৯ জনকৈ শ্ৰমিকক মহতিয়াই নিয়ে শুকুৰবাৰে নিশা। এই ঘটনাত এগৰাকী শ্ৰমিকৰ দুয়োখন ভৰি ছিগি যোৱাৰ বিপৰীতে আন শ্ৰমিক কেইগৰাকীও গুৰুৰতভাৱে আহত হয়। আহত আটাইকেইজনকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছে।
জানিব পৰা মতে নিশা প্ৰায় ১.৪০ বজাত সুৰাসক্ত যুৱতীগৰাকীয়ে ৰাজপথত কাম কৰি থকা ৯ গৰাকী শ্ৰমিকক মহতিয়াই নিয়ে। সুৰাসক্ত যুৱতীগৰাকীয়ে লোক নিৰ্মান বিভাগৰ বাহনতো খুন্দা মাৰে।
ইভেণ্ট মেনেজমেণ্টৰ কাম কৰা যুৱতীগৰাকীয়ে পূৰ্বেও এনেদৰে ৰাজপথত সুৰাসক্ত হৈ দুৰ্ঘটনা সংঘটিত কৰা বুলি জানিব পৰা গৈছে। হাই প্ৰফাইল নেতা-ব্যৱসায়ীৰ সৈতে ঘনিষ্ঠ হোৱাৰ সুবাদতে নিশাৰ মহানগৰীত এনেদৰে ‘ডেম কেয়াৰ’ হৈ সুৰাসক্ত অৱস্থাত ঘূৰি ফুৰে যুৱতীগৰাকীয়ে।
ইফালে শুকুৰবাৰে নিশা দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে দিছপুৰ আৰক্ষীয়ে আটক কৰিছে যুৱতীগৰাকীক। আনহাতে দুৰ্ঘটনাত পতিত দুজন শ্ৰমিকৰ অৱস্থা বর্তমান সংকটজনক বুলি জানিব পৰা গৈছে।
