মথুৰাত নিষিদ্ধ সুৰা আৰু মাংসৰ বিক্ৰী-ক্ৰয়, ব্যৱসায়িক গাখীৰ বিক্ৰী কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী আদিত্যনাথৰ

86

উত্তৰ প্ৰদেশ নিৰ্বাচনৰ প্ৰাকক্ষণত ধৰ্মীয় ভোট লাভৰ কুচকাৱাজ ৰচনা কৰিছে যোগী চৰকাৰে। তেনে পৰিপ্ৰেক্ষিতে এইবাৰ মথুৰাত মদ আৰু মাংসৰ বিক্ৰী নিষিদ্ধ কৰিলে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। সোমবাৰে কৃষ্ণ জন্মাষ্টমী উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ মথুৰাত মদ-মাংসৰ বিক্ৰী-ক্ৰয়ত নিষিদ্ধ ঘোষণা কৰে যোগী আদিত্যনাথে। কেৱল এইয়াই নহয়, মদ আৰু মাংসৰ বিক্ৰীৰ লগত জড়িত লোকসকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে। মদ-মাংসৰ বিক্ৰীৰ সৈতে জড়িত সকলক গাখীৰৰ বেপাৰ কৰিবলৈ তেওঁ আহ্বান জনায়।

ভগবান শ্ৰীকৃষ্ণৰ স্মৃতিৰে জড়িত মথুৰাত মদ আৰু মাংসৰ বিক্ৰী বন্ধ কৰা সন্দৰ্ভত যোগী আদিত্যনাথে কয়, “মথুৰা এসময়ত গাখীৰৰ বাবে প্ৰসিদ্ধ আছিল। গতিকে এতিয়াও তেনে দিন ঘূৰাই আনিব লাগিব। মদ আৰু মাংসৰ বিক্ৰীৰ সৈতে জড়িত সকলে গাখীৰৰ ব্যৱসায় কৰক।”

ইফালে মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ পিছতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কেৱল ৰাজনৈতিক স্বাৰ্থত যোগী আদিত্যনাথে এনে অদ্ভুত নিৰ্দেশনা জাৰি কৰা বুলি অভিযোগ তুলিছে বিৰোধীয়ে। যোগী আদিত্যনাথৰ এনে অতি গোড়ামী আদৰ্শই নিৰ্বাচনত বিজেপি বিৰোধী জনমতৰ সৃষ্টি কৰিব বুলিও আংশকা কৰিছে একাংশ বিজেপি নেতাই।