মণিপুৰৰ ঘটনাক লৈ মল্লিকাৰ্জুন খাৰ্গেসহ ৩১ বিৰোধী সাংসদৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ

275

মণিপুৰ বিষয়টোক লৈ আজি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেকে ধৰি প্ৰায় ৩১ জন বিৰোধী সাংসদে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। ইয়াৰ পিছত, খাৰ্গে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ কয়- আজি ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ ৩১ জন সদস্যই ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে আৰু মণিপুৰত সংঘটিত ঘটনাৰ বিষয়ে অৱগত কৰে। মণিপুৰলৈ যোৱা ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ সদস্যসকলে তাৰ পৰিস্থিতিৰ বিষয়ে ৰাষ্ট্ৰপতিক অৱগত কৰে। উল্লেখ্য যে ২৯ আৰু ৩০ জুলাইত বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ ২১ জন সদস্যই মণিপুৰ ভ্ৰমণ কৰিছিল। তেওঁ আৰু কয়-মণিপুৰত মহিলাৰ ওপৰত অত্যাচাৰ সংঘটিত হৈছে, মহিলাসকলক বিবস্ত্ৰ কৰি পেৰেড কৰা হৈছে, ৫০০ তকৈও অধিক ঘৰ জ্বলাই দিয়া হৈছে, ২০০ ৰো অধিক লোকৰ মৃত্যু হৈছে আৰু ৫০০ ৰো অধিক লোক আহত হৈছে। ৬০ হাজাৰ লোক স্থানচ্যুত হৈছে, এই লোকসকলৰ খাদ্য, পানীৰ সমস্যা আছে। এই লোকসকলে তেওঁলোকে পাবলগীয়া সুবিধাবোৰ পোৱা নাই। আমি ৰাষ্ট্ৰপতিৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সাক্ষাৎ কৰো। আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছো, যাৰ ওপৰত ৰাষ্ট্ৰপতিয়ে কৈছে যে তেওঁ স্মাৰকপত্ৰখন বিবেচনা কৰিব। উল্লেখ্য যে বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিৰ পৰাই মণিপুৰৰ বিষয়টোক লৈ লোকসভা আৰু ৰাজ্যসভাত হুলস্থূল চলি আহিছে। সংসদৰ কাৰ্যক্ৰমত নিৰন্তৰ অচলাৱস্থা আছে।