বুধবাৰে বিৰোধী শিবিৰ INDIAৰ নেতাসকলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি মণিপুৰৰ পৰিস্থিতি আৰু ৰাজ্যৰ শান্তি পুনৰুদ্ধাৰৰ ক্ষেত্ৰত চৰকাৰৰ জবাবদিহিতা নিশ্চিত কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ আহ্বান জনায়।
তেওঁলোকে দাবী জনাইছে যে প্ৰধানমন্ত্ৰীয়ে সংঘাতগ্ৰস্ত ৰাজ্যখন ভ্ৰমণ কৰি যুদ্ধংদেহী জনগোষ্ঠীসমূহক হিংসাৰ অন্ত পেলাবলৈ আৰু ভাতৃত্ববোধৰ প্ৰসাৰৰ বাবে আহ্বান জনাওক।
বিগত তিনিমাহ ধৰি হিংসাত্মক পৰিস্থিতিৰ সন্মুখীন হোৱা মণিপুৰত স্বাভাৱিক অৱস্থা ঘূৰাই অনাত সহায়ক হোৱাকৈ ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰি মিত্ৰজোঁটৰ নেতাসকলে সংসদত বিৰোধীৰ কণ্ঠ দমনৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰে।
মুৰ্মুক সাক্ষাৎ কৰাৰ পাছত সংবাদ মাধ্যমক সম্বোধন কৰি কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে সদ্য মণিপুৰ ভ্ৰমণ কৰা সাংসদসকলকে ধৰি প্ৰতিনিধি দলটোৰ সদস্যসকলে তেওঁক ৰাজ্যখনৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰে আৰু ক্ষতিগ্ৰস্ত অঞ্চলত যি দেখিছে সেয়া বৰ্ণনা কৰে।
ৰাষ্ট্ৰপতি ভৱনৰ বাহিৰত সাংবাদিকৰ আগত বিৰোধী নেতাসকলৰ সৈতে উপস্থিত থকা খৰ্গেয়ে কয়, ‘আমি ৰাষ্ট্ৰপতিৰ ওচৰত এখন স্মাৰক পত্ৰও দাখিল কৰিছোঁ আৰু কেনেকৈ হিংসাৰ কাণ্ড অব্যাহত আছে, বিশেষকৈ মহিলাৰ ওপৰত অত্যাচাৰ আৰু উলংগ কৰি পেৰেড কৰা হৈছে সেই বিষয়ে অৱগত কৰিছোঁ।”
