ডিজিটেল ডেস্ক: চুবুৰীয়া ৰাজ্য মণিপুৰত সোমবাৰৰ দিনটোত পুনৰ ১৮২ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। আজি ৰাজ্যখনত এজন লোকৰ মৃত্যু ঘটে কোৰোনাত।
ইয়াৰ পিছতে মণিপুৰত কোৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা ২০৫৫৮ জনলৈ বৃদ্ধি পায়। ৰাজ্যখনত ইতিমধ্যে ১৭২৫৯ জন কোৰোনা ৰোগী সুস্থ হৈ উঠিছে। মণিপুৰত ১৯৮ জনলৈ বৃদ্ধি পাইছে কোৰোনা আক্ৰান্ত হৈ মৃত্যু ঘটা ৰোগীৰ সংখ্যা।