মণিপুৰঃ নৱবৰ্ষৰ প্ৰাকক্ষণত শিক্ষামূলক ভ্ৰমণলৈ গৈ ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ২০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ।
চুবুৰীয়া ৰাজ্য মণিপুৰৰ ননে’ জিলাত সংঘটিত হৈছে এই মৰ্মান্তিক দুৰ্ঘটনা।
জানিব পৰা মতে, বুধবাৰে শিক্ষামূলক ভ্ৰমণৰ বাবে গৈছিল থাম্বালনু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ এটা দল।
দুখন বাছেৰে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলে খোপুম অভিমুখে গৈ থকা সময়তে সংঘটিত হয় দুৰ্ঘটনা।
বাতৰি অনুসৰি, ননে’ জিলাৰ জৌজাংটেক আৰক্ষী থানাৰ অন্তৰ্হত লংছাই টুবুং গাঁৱৰ সমীপৰ বিষ্ণুপুৰ-খোপুম পথৰ সমীপত দুৰ্ঘটনাত পতিত হয় ছাত্ৰ-ছাত্ৰীৰ বাছ।
এই ভয়ংকৰ দুৰ্ঘটনাটোত কমেও ২০ গৰাকী ছাত্ৰ-ছাত্ৰী নিহত হোৱাৰ আশংকা কৰা হৈছে।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে ২৫ জনৰো অধিক ছাত্ৰ-ছাত্ৰী।
দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে আহতসকলক উদ্ধাৰ কৰি প্ৰেৰণ কৰে হাস্পতাললৈ।
Deeply saddened to hear about the accident of a bus carrying school children at the Old Cachar Road today. SDRF, Medical team and MLAs have rushed to the site to coordinate the rescue operation.
— N.Biren Singh (@NBirenSingh) December 21, 2022
Praying for the safety of everyone in the bus.@PMOIndia pic.twitter.com/whbIsNCSxO