মণিপুৰত অগ্নিসংযোগ কৰা অভিযুক্তক গ্ৰেপ্তাৰ

14

মণিপুৰ আৰক্ষীয়ে শুকুৰবাৰে কয় যে যোৱা ১৬ নৱেম্বৰত জনপ্ৰতিনিধিৰ ঘৰত অগ্নিসংযোগ আৰু সম্পত্তিৰ ক্ষতিসাধনৰ ঘটনাৰ লগত জড়িতৰ অভিযোগত আৰু সাতজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে । ইয়াৰ দ্বাৰা এই ঘটনাত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি পালে ।গ্ৰেপ্তাৰ কৰাসকলক ৱাহেংবাম জ্যোতিকুমাৰ সিং (২৬), খুন্দ্ৰকপাম বিক্ৰম সিং (৪১), মোনিশা নেপ্ৰম (৩১), অৰিবাম মীৰাচন্দ্ৰ শৰ্মা (৪১), এলাংবাম হাৰিচন সিং ওৰফে দাদা (৩৪), লৌৰেম্বাম নৰোজিৎ সিং ওৰফে নোনি সিং (৪০) আৰু লাইমায়ুম কেদাৰনাথ শৰ্মা (৩৭) বুলি চিনাক্ত কৰা হৈছে ।গ্ৰেপ্তাৰ কৰাসকলক ৱাহেংবাম জ্যোতিকুমাৰ সিং (২৬), খুন্দ্ৰকপাম বিক্ৰম সিং (৪১), মোনিশা নেপ্ৰম (৩১), অৰিবাম মীৰাচন্দ্ৰ শৰ্মা (৪১), এলাংবাম হাৰিচন সিং ওৰফে দাদা (৩৪), লৌৰেম্বাম নৰোজিৎ সিং ওৰফে নোনি সিং (৪০) আৰু লাইমায়ুম কেদাৰনাথ শৰ্মা (৩৭) বুলি চিনাক্ত কৰা হৈছে ।মণিপুৰ আৰক্ষীয়ে তেওঁলোকৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X ত লগতে কয় যে পৰৱৰ্তী তদন্ত চলি আছে ।সকলো স্পৰ্শকাতৰ স্থানত কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।