শুকুৰবাৰে ওড়িশাৰ ৰাজধানী ভুৱনেশ্বৰত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত নৃত্য পৰিৱেশনৰ সময়তে অকস্মাৎ ঢলি পৰে মালয়েছিয়াৰ আগশাৰীৰ ভাৰতনাট্যমৰ প্ৰতিনিধি শ্ৰীগণেশন।
ইয়াৰ পিছত তেওঁক চহৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
মালয়েছিয়াৰ নিৱাসী শ্ৰী গণেশন আছিল কুৱালালামপুৰৰ শ্ৰীগণেশালয়ৰ পৰিচালক। ভুৱনেশ্বৰৰ ভঞ্জা কলা মণ্ডপত তিনিদিনীয়া দেৱদাসী নৃত্য অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিছিল গণেশনে। সাংস্কৃতিক সংগঠনৰ অনুষ্ঠানতো তেওঁক এই বঁটাৰে সন্মানিত কৰিব লাগিছিল। শুকুৰবাৰে আছিল অনুষ্ঠানৰ শেষ দিন।
প্ৰত্যক্ষদৰ্শীৰ মতে ৬০ বছৰীয়া গণেশনে নৃত্য পৰিৱেশনৰ সময়ত মঞ্চত ঢলি পৰিছিল। ততাতৈয়াকৈ তেওঁক ভুৱনেশ্বৰৰ কেপিটেল হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। কেপিটেল হাস্পতালৰ এজন চিকিৎসকে কয় যে গণেশনৰ মৃত্যু হৃদৰোগৰ বাবে হ’ব পাৰে। শনিবাৰে পুৱা তেওঁৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব।
