মছজিদৰ উচ্চস্বৰীয় আজানে কৰ্তব্য পালনত বাধা প্ৰদান কৰিছে: অভিযোগ উত্তৰ প্ৰদেশৰ মন্ত্ৰী আনন্দ স্বৰূপ শুক্লাৰ

84

মছজিদৰ উচ্চস্বৰীয় আজানে কৰ্তব্য পালনত বাধা প্ৰদান কৰিছে। এই অভিযোগ উত্তৰ প্ৰদেশৰ যোগী চৰকাৰৰ মন্ত্ৰী আনন্দ স্বৰূপ শুক্লাৰ। যাৰ বাবে মছজিদৰ লাউড স্পীকাৰৰ ভলিউম নিয়ন্ত্ৰণ কৰিবলৈ মঙলবাৰে তেওঁ বলিয়াৰ জিলাধিকাৰীলৈ পত্ৰ লিখি অনুৰোধ জনায়। মন্ত্ৰীগৰাকীয়ে পত্ৰত বলিয়াৰ কাজীপুৰ মদিনা মছজিদৰ কথা উল্লেখ কৰ লিখিছে যে মছজিদত নিতৌ ৫বাৰকৈ হোৱা নামাজে তেওঁৰ যোগ সাধনাৰ লগতে পূজা-অৰ্চনাতো অসুবিধাৰ সৃষ্টি কৰিছে। আনকি তেওঁৰ চৰকাৰী কৰ্তব্য পালন কৰাতো মছজিদৰ লাউড স্পীকাৰৰ শব্দই অসুবিধাৰ সৃষ্টি কৰা বুলি অভিযোগ আনন্দ স্বৰূপ শুক্লাৰ।

তেওঁ লগতে কয় যে মছজিদৰ চৌপাশে কেইবাখনো বিদ্যালয় আছে। মছজিদৰ পৰা অহা উচ্চ স্তৰীয় শব্দই বিদ্যালয়ৰ পাঠদানত বাধাৰ সৃষ্টি কৰি আহিছে, জনবসতিপূৰ্ণ এলেকাটোৰ সকলোকে অশান্তি দি আহিছে। মছজিদৰ আজানৰ উপৰিও চান্দা সম্পৰ্কীয় ঘোষণাই শব্দ প্ৰদূষণো কৰি আহি আহিছে।

এনে পৰিস্থিতিলৈ চাই এলাহাবাদ উচ্চ ন্যায়ালয়ে বান্ধি দিয়া নিয়ম অনুসৰি মছজিদৰ লাউড স্পীকাৰৰ ভলিউম নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনায় মন্ত্ৰী আনন্দ স্বৰূপ শুক্লাই। উল্লেখ্য যে, ইয়াৰ পূৰ্বে এলাহাবাদ বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ সংগীতা শ্ৰীবাস্তৱে মছজিদত ব্যৱহৃত লাউড স্পীকাৰৰ বিৰুদ্ধে ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। সংগীতা শ্ৰীবাস্তৱৰ মতে, লাউড স্পীকাৰত বজা পুৱাৰ আজানৰ শব্দই তেওঁৰ টোপনিত বাধা প্ৰদান কৰিছিল।