মঙ্গলদৈত চুৰি বাইকসহ দুধৰ্ষ চোৰ আটক

56

মঙলদৈ: মঙলদৈ আৰক্ষীৰ জালত পৰিল দুধৰ্ষ বাইক চোৰ। মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীনবন্ধু ভূঞাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই মঙলদৈ চহৰৰ পৰা আটক কৰিবলৈ সক্ষম হয় সদাগৰ আলী নামৰ দুধৰ্ষ বাইক চোৰ জনক।

অভিযানকালত বাইক চোৰ জনৰ পৰা আৰক্ষীয়ে এএছ ০২এক্স ০৯৬৮ নম্বৰৰ এখন পালচাৰ বাইক উদ্ধাৰ কৰাৰ লগতে বাইকৰ লক খোলাত ব্যৱহৃত বহু পৰিমাণৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়। ধৃত বাইক চোৰ জনক আৰক্ষীয়ে মঙলদৈ সদৰ থানাত সোধা পোছা অব্যাহত ৰাখিছে।