মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৮ গৰাকী শিক্ষক কোভিড পজিটিভ

116

ৰাজ্যত পুনৰ এবাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ। তাৰ মাজতে কেইবাখনো বিদ্যালয়, শৈক্ষিক প্ৰতিষ্ঠানত কোভিডৰ গণ সংক্ৰমণৰ খবৰ পোহৰলৈ আহিছে। শেহতীয়াকৈ মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়তো ধাৰণ কৰিছে কোভিডৰ ভয়াবহ ৰূপ।

মঙলবাৰৰ দিনটোত মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ মুঠ ৮জন শিক্ষকৰ দেহত ধৰা পৰিল কোভিডৰ উপস্থিতি৷ বিদ্যালয়খনত মঙলবাৰৰ দিনটোত পাঠ গ্ৰহন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ দেহতো কোভিড সংক্ৰমণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷

দৰং জিলাত যোৱা ২৪ ঘণ্টাত ১৪৭ জন লোকৰ দেহত ধৰা পৰিল কোভিড৷ বৰ্তমানলৈকে জিলাখনত ৪৩৭ জন সক্ৰিয় কোভিড আক্ৰান্ত ব্যক্তি আছে। আনহাতে জিলাখনৰ বিভিন্ন অঞ্চলত বহু লোকৰ জ্বৰ, মূৰৰ বিষকে ধৰি কোভিডৰ বহু লক্ষণ দেখা দিছে বুলিও জানিব পৰা গৈছে।

জিলা স্বাস্থ্য বিভিগে চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰলৈ অহা সকলোবোৰ ৰোগীৰ কোভিড পৰীক্ষা অব্যাহত ৰাখিছে। মঙলদৈ অসামৰিক চিকিৎসালয়ত ১৪ খন আই চি ইউ বেড সাজু থকাৰ লগতে মঙলদৈ অসামৰিক চিকিৎসালয়ত ১০০ খন আৰু তিনিখন মডেল হাস্পতালত ৫০ খনকৈ বেড সাজু ৰাখিছে প্ৰশাসনে৷

জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগে গাঁৱে গাঁৱে কোভিড পৰীক্ষাৰ ব্যৱস্থা কৰিলে জিলাখনত কোভিড আক্ৰান্তৰ সংখ্যা বহুগুণ বৃদ্ধি পোৱাৰো আশংকা কৰিছে সচেতন মহলে।