মই যদি ক্ষমা খোজো সেয়া মোৰ অন্তৰাত্মা আৰু মই সন্মান কৰা সৰ্বোচ্ছ সংস্থাটোৰ অৱমাননা হ’বঃ প্ৰশান্ত ভূষণ

98

নতুন দিল্লীঃ উচ্চতম ন্যায়ালয়ৰ অৱমাননা গোচৰত দোষী সাব্যস্ত হোৱা জ্যেষ্ঠ অধিবক্তা তথা সমাজকৰ্মীয়ে তেওঁৰ মন্তব্যৰ বাবে আদালতত কোনো চৰ্তৰ বিনিময়তে ক্ষমা খুজিবলৈ অস্বীকাৰ কৰিছে। সোমবাৰে প্ৰশান্ত ভূষণে কয় যে, তেওঁ যদি ক্ষমা খোজে তেন্তে সেয়া তেওঁৰ অন্তৰাত্মা আৰু তেওঁ সকলোতকৈ বেছি বিশ্বাস ৰখা অনুষ্ঠানটোৰ অৱমাননা কৰাহে হ’ব। উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এছ এ বোবডেক সমালোচনা কৰি এটা টুইট কৰাৰ পিছতে জ্যেষ্ঠ অধিবক্তাগৰাকীৰ বিৰুদ্ধে ন্যায়ালয়ৰ অৱমাননাৰ গোচৰ ৰুজু কৰা হৈছিল। ইয়াৰ পিছতে প্ৰশান্ত ভূষণৰ আন এটা টুইটকো এই গোচৰৰ মাজলৈ টানি অনা হয়, য’ত তেওঁ দেশৰ ৫ গৰাকী মুখ্য ন্যায়াধীশে দেশৰ গণতান্ত্ৰিক ব্যৱস্থা বিধ্বস্ত কৰা বুলি মন্তব্য কৰিছিল।

এই গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে যোৱা ২০ আগষ্টত দোষী সাব্যস্ত কৰিছিল প্ৰশান্ত ভূষণক আৰু ২৪ আগষ্টৰ ভিতৰত ন্যায়ালয়ত বিনাচৰ্তে ক্ষমাৰ আবেদন দাখিল কৰিবলৈ কৈছিল। সোমবাৰে প্ৰশান্ত ভূষণৰ ক্ষমাৰ আবেদন দাখিল কৰাৰ বাবে ন্যায়ালয়ে বান্ধি দিয়া সময়সীমাৰ অন্তিম দিনাও জ্যেষ্ঠ অধিবক্তা গৰাকীয়ে ক্ষমা খুজিবলৈ অস্বীকাৰ কৰে।

মোৰ টুইট সমূহ সদ্ভাৱনাপূৰ্ণ আছিল আৰু ন্যায়ালয়ৰ ওপৰত থকা মোৰ বিশ্বাসৰ ভিত্তিত আছিল, যাৰ ওপৰত মই পৰৱৰ্তী সময়তো একেই মত পোষণ কৰিব বিচাৰিম। এই মন্তব্যক লৈ মই চৰ্তসাপেক্ষে বা বিনা চৰ্তই ক্ষমা খোজাটো মোৰ নিষ্ঠাৰ বাহিৰৰ বিষয় হৈ পৰিব। মই যদি আদালতত ক্ষমা খোজো, তেন্তে এয়া মোৰ অন্তঃকৰণৰ অৱমাননা কৰা হ’ব আৰু সেই সংস্থাটোৰ অৱমাননা কৰা হ’ব, যাক মই সৰ্বোচ্ছ সন্মান কৰো।’ – সোমবাৰে ন্যায়ালয়ত দাখিল কৰা উত্তৰত এইদৰে কয় প্ৰশান্ত ভূষণে।

প্ৰণিধানযোগ্য যে, দেশৰ মুখ্য ন্যায়াধীশ এছ এ বোবডেয়ে এগৰাকী বিজেপি নেতাৰ পুত্ৰৰ বাইকৰ পিছত উঠি ফটোৰ বাবে প’জ দিয়াক লৈ এক সমালোচনামূলক মন্তব্য কৰিছিল জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণে। জম্মু-কাশ্মীৰৰ পৰা বিশেষাধিকাৰ কৰ্তন, ৰাফেল চুক্তি ক্ৰয় কেলেংকাৰী আদি গুৰুত্বপূৰ্ণ বিষয়তে নিজৰ মত প্ৰকাশ কৰি অহা প্ৰশান্ত ভূষণে এই টুইটৰ পূৰ্বেও আন এটা টুইট কৰিছিল, য’ত তেওঁ দেশৰ ৫ গৰাকী মুখ্য ন্যায়াধীশে গণতন্ত্ৰিক ব্যৱস্থাক বিধ্বস্ত কৰা বুলি অভিযোগ কৰিছিল।

এই বাতৰিৰ হেডলাইনৰ বাহিৰে অন্য কোনো সম্পাদনা কৰা হোৱা নাই।