মই আৰু জীয়াই নাথাকিম, মৰাৰ আগতে তাৰ মুখখন চাই যাব বিচাৰোঃ হাস্পতালৰ বিচনাত উচুপি উঠিল প্ৰিয়দা গগৈ

66

গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ মাতৃ। বৰ্তমান তেওঁক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে। জানিব পৰা মতে, মঙলবাৰে পুৱাৰে পৰা মূৰ ঘূৰণি হৈ আছে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ। তীব্ৰ জ্বৰত আক্ৰান্ত হোৱাৰ লগতে বাৰে বাৰে বমি কৰি থকা বুলিও জানিবলৈ দিছে পৰিয়ালৰ লোকে।

ইফালে হাস্পতালৰ বিচনাত পুত্ৰক কাষত বিচাৰি আকৌ এবাৰ উচুপি উঠিছে প্ৰিয়দা গগৈয়ে। যোৱা প্ৰায় এবছৰে কাৰাবন্দী হৈ থকা পুত্ৰ অখিল গগৈৰ মুখখন এবাৰ চাবলৈ ব্যাকুল হৈ পৰিছে তেওঁ। সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কান্দি কান্দি কৈছে- মই আৰু জীয়াই নাথাকিম। মৰাৰ আগতে তাৰ মুখখন চাই যাব বিচাৰো!’

কিন্তু অখিল গগৈৰ মাতৃৰ এই আহ্বান কোনে শুনিব? হাজাৰটা ভুৱা গোচৰ জাপি দি বন্দী কৰি ৰখা অখিল গগৈৰ মুক্তিৰ দাবী ৰাজ্যজুৰি উত্থাপন হৈ আহিছে যদিও চৰকাৰৰ ষড়যন্ত্ৰকামী হাতোৰাৰ পৰা মুক্ত হ’ব পৰা নাই অখিল গগৈ।