বিশ্বৰ ভিতৰতে পুনৰ এবাৰ কোৰোনা মহামাৰীত সৰ্বাধিক লোক আক্ৰান্ত হৈছে ভাৰতত। ভাৰতত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা কোৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত আৰু হংকঙৰ মাজত চলা সকলো বিমান সেৱা বাতিল কৰাৰ সিদ্ধান্ত লৈছে হংকং চৰকাৰে।
ভাৰতৰ পৰা হংকঙত উপস্থিত হোৱা ৫০ গৰাকী যাত্ৰীৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰাৰ পিছতে ২০ এপ্ৰিলৰ পৰা ৩ মে’ পৰ্যন্ত ভাৰত-হংকঙৰ বিমান সেৱা স্থগিত ৰখা হৈছে। আনহাতে ভাৰতৰ লগতে পাকিস্তান আৰু ফিলিপিন্সৰ পৰা চলাচল কৰা বিমান সেৱাও স্থগিত ৰখাৰ ঘোষণা কৰিছে হংকং চৰকাৰে।
