ডিজিটেল ডেস্কঃ দেওবাৰে পুৱাৰ ভাগত কৰ্ণাটকৰ শিৱমোগ্গাত এখন গাড়ী আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত তিনিজন অভিযান্ত্ৰিক ছাত্ৰৰ মৃত্যু হোৱাৰ বিপৰীতে আন এজন গুৰুতৰভাৱে আহত হয়।
পুৱা ৫ বজাত আন এখন বাহন অভাৰটেক কৰি থকা অৱস্থাত কাল্লাপুৰাৰ সমীপত বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হয় গাড়ীখন।
২০-২১ বছৰ বয়সৰ গাড়ীত থকা ছাত্ৰ কেইজনে শিৱমোগ্গাৰ পৰা দাভাংগেৰেলৈ উভতি যোৱাৰ পথত সংঘটিত হয় দুৰ্ঘটনা।
নিহত কেইজনৰ নাম কাৰ্তিক, বিবেক আৰু মোহন বুলি জানিব পৰা গৈছে।
গুৰুতৰভাৱে আহত ৰুদ্ৰেশ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
