ভোগালী আনন্দ নহয়, অভিশাপ! ২৩ বছৰে পালন কৰা নাই এখন গাঁৱৰ ৰাইজে

151

ৰাজ্যবাসী এতিয়া ভোগালী বিহুৰ আয়োজনক লৈ ব্যস্ত। উৰুকাৰ নিশা লগে ভাগে এসাজ খোৱাৰ প্ৰস্তুতি চলাইছে সকলোৱে। কিন্তু এই আনন্দ উৎসৱৰ বিপৰীতে অসমৰে এখন গাঁৱত ভোগালী আহিলেই দুখৰ স্ৰোত বয়। যোৱা ২৩ বছৰে এইখন গাঁৱৰ ৰাইজে পালন কৰা নাই ভোগালী বিহু, খাই পোৱা নাই উৰুকাৰ এসাজ।

২৩ বছৰ পূৰ্বে অৰ্থাৎ ১৯৯৮ চনৰ ১৩ জানুৱাৰী, মানে উৰুকাৰ দিনটোতে ৰঙিয়াৰ কেকেৰীকুছি গাঁৱত সংঘটিত হৈছিল সেই মৰ্মান্তিক ঘটনা। তেতিয়া নিশা প্ৰায় ৮.১০ বাজিছিল। সকলো গাঁওবাসী উৰুকাৰ ভোজ ভাতক লৈ ব্যস্ত হৈ পৰিছিল। অইন সকলো প্ৰান্তৰ দৰে কেকেৰীকুছি গাঁৱতো সেইদিনা ভোগালীৰ আনন্দ উৎসৱ চলিছিল।

কিন্তু সেই আনন্দ উৎসৱ যে হঠাতে চকুপানীৰ ৰূপ ল’ব সেয়া যেন কোনোৱে কল্পনাই কৰিব পৰা নাছিল। গাঁওখনত প্ৰৱেশ কৰা বড়ো অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলৰ গুলীবৰ্ষণত গাঁওখনত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। দুৰ্বৃত্তৰ গুলীবৰ্ষণত জয়মতী কলিতা, হেমচন্দ্ৰ কলিতা, দ্বিপেন কলিতা, প্ৰতিমা কলিতা, হিৰণ কলিতা, গীতাৰাণী কলিতা, নৱজিত কলিতা, কুঞ্জপ্ৰভা কলিতা, গীতাৰাণী কলিতাকে ধৰি ৪টা পৰিয়ালৰ ১৭ জন সদস্যই সেইদিনা মৃত্যুক সাৱটি লয়।

২৩ বছৰ আগৰ উৰুকাৰ নিশা গাঁওখনত যি ঘটনা সংঘটিত হৈছিল, তাৰ ছায়াই আজিও খেদি ফুৰিছে গাঁওবাসীক। সেয়ে ২৩ বছৰ ধৰি কেঁকেৰীকুছি গাঁৱৰ ৰাইজে ভোগালীৰ আয়োজনৰ পৰা নিজকে দূৰৈত ৰাখি আহিছে। উৰুকাৰ নিশা ভোজ-ভাত খোৱাৰ পৰিৱৰ্তে মৃতকৰ সমাধিস্থলত এহেজাৰ গছি বন্তি জ্বলাই মৃতকৰ ন্যায় বিচাৰি প্ৰাৰ্থনা জনাই আহিছে।

দুৰ্ভাগ্যৰ কথা সেই সময়ত ৰাজ্যত আছিল অগপৰ চৰকাৰ। এখন গাঁৱৰ পৰা চিৰদিনৰ বাবে ভোগালীৰ আনন্দ কাঢ়ি নিয়া এনে নিৰ্মম ঘটনাৰ পিছতো চৰকাৰে তদন্ত আগবঢ়াই নিবলৈ সক্ষম নহ’ল। আজিও চিনাক্ত নহ’ল হত্যাকীৰ। আনকি নিহত সকলৰ পৰিয়ালে আজিও চৰকাৰৰ পৰা লাভ নকৰিলে ক্ষতিপূৰণ।