ভেৰিজন আৰু এয়াৰটেলৰ সহযোগত ভাৰতত সুৰক্ষিত এন্টাৰপ্ৰাইজ গ্ৰেড ব্লু জিনচ্ ভিডিঅ’ কনফাৰেন্সিং আৰম্ভ

98

ষ্টাফৰিপ’ৰ্টাৰ, ভাৰতী এয়াৰটেল লিমিটেড (এয়াৰটেল)আৰু বিশ্বৰ অন্যতম যোগাযোগ ব্যৱস্থা প্ৰতিষ্ঠান ভেৰিজনে বুধবাৰে বিশ্বমানদণ্ডৰ ভাৰতত সুৰক্ষিত এন্টাৰপ্ৰাইজ, ভিডিও কনফাৰেন্সিং ব্যৱস্থাপনাৰ কৌশলগত সহযোগিতা ঘোষণা কৰিছে। এই সহযোগিতাৰ অংশ হিচাপে এয়াৰটেলে ভাৰতৰ সুৰক্ষিত এণ্টাৰপ্ৰাইজ গ্ৰাহক সকলৰ ব্ৰা‍ণ্ড নাম এয়াৰটেল ব্লু জিনচ্ ৰ অধীনত সুৰক্ষিত এণ্টাৰপ্রাইজ গ্ৰেড ভিডিও কনফাৰেন্সিংৰ ব্যৱস্থাপনা আৰম্ভ কৰিছে। ব্লু জিনচ্ ভেৰিজন এণ্টাৰপ্ৰাইজ গ্ৰেড ভিডিও কনফাৰেন্সিং সেৱা ম’বাইল, ডেস্কটপ, ব্ৰাউজাৰ আৰু সভাগৃহসমূহ জনসাধাৰণক যোগাযোগ আৰু সহযোগিতা লগতে বেংক, স্বাস্থ্যসেৱা,আৰু অন্যান্য সংস্থাৰ কঠোৰ সুৰক্ষাৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত সহজ,নিৰ্ভৰযোগ্য, ব্যৱস্থাপনা আগবঢ়োৱাৰ দীৰ্ঘকালীন ইতিহাস আছে। এই অফাৰত ভাৰতত উপস্থিতিৰ অন্তৰ্ভুক্ত হৈছে যি ভাৰতীয় গ্ৰাহক সকলক অবিলম্ব আৰু উন্নত সেৱা প্ৰদান কৰিবলৈ সক্ষম হ’ব। এই ব্যৱস্থাত গ্ৰাহক সকলক এক প্ৰস্তাৱ দিয়া হৈছে। সেয়া নিশ্চিত কৰিবলৈ ই তাৰ ডাটা চেণ্টাৰ সমূহ এয়াৰটেলৰ নেটৱৰ্কৰ লগত সম্পূৰ্ণ ভাৱে একত্ৰিত হৈ এক নিৰ্ভৰযোগ্য আৰু সুৰক্ষিত ব্যৱস্থা গ্ৰাহকক দিব পাৰিব। ভাৰতত এই সহযোগিতাই এয়াৰটেল আৰু ভেৰিজনক একত্ৰিত কৰি অভিন্ন আৰু সুৰক্ষিত ব্যৱসায়িক সহযোগিতাৰ প্ৰয়োজনীয়তা মোকাবিলাৰ বাবে সংগঠন সমূহ অফিচভিত্তিক কামৰ পৰা অন্য ঠাইৰ পৰাও কাম কৰাৰ বাবে আগবঢ়াই লৈ যাব। এই চুক্তিতে প্ৰাথমিক ভাৱে ব্লু জিনচ্, ব্লু জিনচ্ সভা,ইভেণ্টচ্, ব্লু জিনচ্ কোঠা আৰু ব্লু জিনচ্ গেটৱে মাইক্ৰচফট্ টীমকো সামৰি লৈছে।