ভেটি থৰক বৰক কংগ্ৰেছৰ, বিহপুৰীয়াত ৩ নেতাৰ পদত্যাগ

79

অসমত ইজনৰ পিছত সিজন কংগ্ৰেছ নেতা-কৰ্মীয়ে দলত্যাগ কৰিবলৈ লোৱাত ক্ৰমাৎ দুৰ্বল হৈ পৰিছে কংগ্ৰেছৰ ভেটি। বিধানসভা নিৰ্বাচনত বিৰোধীৰ আসনত বহা কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সৌ সিদিনা কংগ্ৰেছ ত্যাগ কৰি গেৰুৱা বসন পিন্ধিছিল। এইবাৰ বিহপুৰীয়া সমষ্টিৰ ভালেকেইজন কংগ্ৰেছ কৰ্মীয়ে দলত্যাগ সিদ্ধান্ত ঘোষণা কৰাত ভাৰতীয় ৰাজনীতিৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোৰ নীতি-আদৰ্শৰ প্ৰতি ক্ৰমে প্ৰশ্নৰ উদয় হবলৈ ধৰিছে।

আজি বিহপুৰীয়া প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদ মেলত কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰাৰ ঘোষণা কৰে বিহপুৰীয়া প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদ মেলৰ জড়িয়তে বিহপুৰীয়া ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক, বিহপুৰীয়া সমষ্টি যুৱ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি তথা বিহপুৰীয়া পৌৰ সভাৰ প্ৰাক্তন ৱাৰ্ড কমিচনাৰ ৰুপক বৰা, বিহপুৰীয়া ব্লক কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা ব্লক ইয়ং ব্ৰীগেডৰ সভাপতি বেনুধৰ দাস আৰু পিছলা মণ্ডল কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক তথা নাৰায়ণপুৰ ব্লক যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি বিজু শইকীয়াই।

অসমৰ জাতি-জনগোষ্ঠী তথা খিলঞ্জীয়া জনতাৰ প্ৰতি দলটোৱে দেখুৱাই অহা অনীহা আৰু কংগ্ৰেছৰ প্ৰতি সাধাৰণ জনতাৰ অনীহাৰ বাবেই দলত্যাগ কৰা বুলি মন্তব্য কৰে তিনি নেতাই। অৱশ্যে নেতাত্ৰয়ে কংগ্ৰেছ এৰি কোন দলত যোগ কৰিব সেয়া এতিয়াও ঘোষণা কৰা নাই যদিও ড০ অমিয় কুমাৰ ভূঞাৰ সৈতে থকা ঘণিষ্ঠতাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক সময়ত তিনিওজনে বিজেপিত যোগ দিয়াৰ সম্ভাৱনা আছে। আনহাতে বিহপুৰীয়া সমষ্টিৰ প্ৰায় অৰ্ধশতাধিক কংগ্ৰেছ কৰ্মী তথা সদস্যও কিছু দিনৰ ভিতৰত দলত্যাগ কৰিব বুলি সংবাদ মেলত প্ৰকাশ কৰে নেতাত্ৰয়ে।