মঙলবাৰে গুৱাহাটীৰ ভেটাপাৰাৰ প্ৰাগজ্যোতিষ হাউছিং কমপ্লেক্সৰ ব্লক-ইৰ সদানন্দ দাস নামৰ এজন ব্যক্তিৰ ফ্লেটত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।
খবৰ অনুসৰি, এই জুইত কেইবা লাখ টকাৰ সম্পত্তি জুইত জাহ যায়। অগ্নিকাণ্ডৰ আঁৰৰ কাৰণ শ্বৰ্ট চাৰ্কিটৰ বাবে বুলি সন্দেহ কৰা হৈছে।
অৱশ্যে সৌভাগ্যক্ৰমে অগ্নিকাণ্ডত হতাহত হোৱাৰ পৰা ৰক্ষা পৰে আৱাসী সকল।
পিছত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
