ডিজিটেল ডেস্কঃ টিকাকৰণৰ হাৰ বৃদ্ধিৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ। মহাৰাষ্ট্ৰত এতিয়া ভেকচিনৰ টিকাকৰণ অবিহনে কোনো লোকে যাতায়ত আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ সৰবৰাহ কৰিব নোৱাৰিব। ৰাজ্যখনৰ ঔৰংগবাদ জিলা প্ৰশাসনে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি টিকাকৰণ অবিহনে পেট্ৰল, ৰেচন বা ইন্ধন গেছ লাভ নকৰিব বুলি ঘোষণা কৰিছে। জিলাখনত এই নিৰ্দেশনাসমূহ ৯ নৱেম্বৰৰ পৰা কাৰ্যকৰী হৈছে। কেৱল ঔৰঙ্গাবাদেই নহয় সমগ্ৰ মহাৰাষ্ট্ৰই ১০০ শতাংশ টিকাকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ফলস্বৰূপে, ভেকছিন অবিহনে ৰাজ্যখনত এখন জিলাৰ পৰা আন এখন জিলালৈ যাত্ৰা নিৰীক্ষণ কৰা হ’ব বুলি জানিব পৰা গৈছে।
টিকাকৰণৰ হাৰত সমগ্ৰ মহাৰাষ্ট্ৰত ঔৰঙ্গাবাদ ২৬ তম স্থানত আছে। প্ৰশাসনে কয় যে টিকাকৰণৰ হাৰ সমগ্ৰ ৰাজ্যত প্ৰায় ৭৪ শতাংশ আৰু ঔৰঙ্গাবাদ জিলাত মাত্ৰ ৫৫ শতাংশ। যি হাৰত দুটা পালি সম্পূৰ্ণ কৰা হৈছে সেয়া মাত্ৰ ২৩ শতাংশ। প্ৰধানমন্ত্ৰীয়ে নিজেই ইতিমধ্যে এই নিম্ন টিকাকৰণ হাৰৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁ জিলা প্ৰশাসনক সতৰ্ক কৰি উপযুক্ত ব্যৱস্থা ল’বলৈ পোনপটীয়াকৈ নিৰ্দেশ দিছে। অৱশ্যে, জিলাখনত টিকাকৰণৰ ক্ষেত্ৰত সাধাৰণ মানুহৰ মাজত বিশেষ উৎসাহ নাই বুলি দাবী কৰা হৈছে।
সেইকাৰণে জিলা প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আছে। যাৰ ফলস্বৰূপে ৯ নৱেম্বৰৰ পিছত কোনো কাৰণ নোহোৱাকৈ কমেও এটা পালি গ্ৰহণ নকৰা লোকক পেট্ৰল আৰু ডিজেল প্ৰদানত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আনকি তেনে লোকে ৰেচন আৰু ৰন্ধন গেছো লাভ নকৰিব বুলি কঠোৰ নিৰ্দেশ জাৰি কৰা হৈছে। পৰ্যটন স্থলীসমূহত, হোটেল, ৰিজৰ্ট আৰু দোকানৰ মালিক আৰু কৰ্মচাৰীৰ টিকাকৰণ বাধ্যতামূলক কৰা হৈছে।