ভূস্বৰ্গ কাশ্মীৰত ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণহীন হৈ ৩০০ ফুট দ খাৱৈত বাগৰি পৰিল বাছ, কমেও ৩৫ জনৰ মৃত্যু

171

জম্মু-কাশ্মীৰত সংঘটিত এক ভয়ংকৰ বাছ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লয় কমেও ৩৫ জন যাত্ৰীয়ে। জম্মু-কাশ্মীৰৰ ডোডা জিলাত বুধবাৰে সংঘটিত হয় এই দুৰ্ঘটনা। খবৰ অনুসৰি বুধবাৰে পুৱা এখন বাছ নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰি যায়। এতিয়াও চলি আছে উদ্ধাৰৰ কাম। উদ্ধাৰ অভিযান অগ্ৰগতিৰ লগে লগে মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। শেহতীয়া খবৰ অনুসৰি ৩৫ জন যাত্ৰীৰ মৃত্যু হৈছে। একাংশ লোকৰ শাৰীৰিক অৱস্থা সংকটজনক।

জম্মু-কাশ্মীৰ প্ৰশাসনৰ সূত্ৰ অনুসৰি সেই বাছখনত ৪০ জনতকৈ অধিক যাত্ৰী আছিল। ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে বাছখন পাৰ হৈ আছিল। বাছখন এটা খাৱৈৰ কাষেৰে পাৰ হৈ যোৱাৰ সময়ত বাছখনৰ চকাটো হঠাতে পিচলি পৰি যাত্ৰীসহ বাছখন প্ৰায় ৩০০ ফুট দ খাৱৈত বাগৰি পৰে।

খবৰ পোৱাৰ পিছতে প্ৰশাসনৰ লোক ঘটানস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। কেইবাজনো লোকক উদ্ধাৰ কৰা সম্ভৱ হৈছে। স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

এই দুৰ্ঘটনাৰ খবৰ পাই গভীৰ শোক প্ৰকাশ কৰিছে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিঙে। তেওঁ শোক প্ৰকাশ কৰে, “ডোডাত সংঘটিত হৈছে এক মৰ্মান্তিক বাছ দুৰ্ঘটনা। জীৱন হেৰুৱাটো বৰ বেদনাদায়ক। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰাৰ লগতে দুৰ্ঘটনাটোত আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ। ক্ষতিগ্ৰস্ত লোকসকলক প্ৰয়োজনীয় সকলো সাহায্য প্ৰদান কৰিবলৈ জিলা প্ৰশাসনৰ লগতে আনক নিৰ্দেশ দিয়া হৈছে।”

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দুৰ্ঘটনাৰ খবৰ পাই শোক প্ৰকাশ কৰে। তেওঁৰ এক্স হেণ্ডেল (পূৰ্বৰ টুইটাৰ)ত তেওঁ লিখিছে, “জম্মু-কাশ্মীৰৰ ডোডাত সংঘটিত হোৱা এক মৰ্মান্তিক বাছ দুৰ্ঘটনাত ইমানবোৰ বহুমূলীয়া প্ৰাণ হেৰুৱাৰ কথা শুনি গভীৰভাৱে দুখী। স্থানীয় প্ৰশাসনে উদ্ধাৰ অভিযান চলাইছে য’ত বাছখনে দুৰ্ঘটনাৰ সন্মুখীন হৈছে। শোকসন্তপ্ত পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো।”