ভূমি বিবাদক কেন্দ্ৰ কৰি মন্দিৰৰ পূজাৰীক জীৱন্তে দাহ, হাস্পতালত মৃত্যু

71

ডিজিটেল ডেস্কঃ ৰাজস্থানৰ কৰোল জিলাত ভূমি বিবাদক কেন্দ্ৰ কৰি মন্দিৰৰ এগৰাকী পূজাৰীক জীৱন্তে দাহ কৰাৰ চেষ্টা চলায় দুৰ্বৃত্তৰ দলে। পিছত মুমূৰ্ষ অৱস্থাত পূজাৰীগৰাকীক হাস্পতালত ভৰ্তি কৰা হয় যদিও গুৰুবাৰে সন্ধিয়া তেওঁৰ মৃত্যু ঘটে।

জানিব পৰা মতে, বাবুলাল বৈষ্ণৱ নামৰ পূজাৰীগৰাকীক মন্দিৰ ট্ৰাষ্টৰ পৰা ১৩ বিঘা ভূমি প্ৰদান কৰা হৈছিল যাতে সেয়া তেওঁৰ উপাৰ্জনৰ সমল হৈ পৰে। কিন্তু মীনা সম্প্ৰদায়ৰ একাংশ লোকে সেই মাটিখিনি ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰিব বিচাৰে আৰু তাৰ ফলত দুয়ো পক্ষৰ মাজত বাক-বিবাদৰ সূত্ৰপাত হয়। পিছত এই বিষয়টো বিচাৰৰ বাবে গাঁও পঞ্চায়ত বহাত, পঞ্চায়তে পূজাৰীৰ পক্ষত ৰায় দিয়ে।

মৃত্যুৰ পূৰ্বে পূজাৰীজনে আৰক্ষীক দি যোৱা ভাষ্য অনুসৰি, পঞ্চায়তৰ ৰায়ৰ পিছতে তেওঁ মাটিখিনিৰ চাৰিওফালে বেৰ দিয়ে। কিন্তু দুৰ্বৃত্তৰ দলটোৱে পেট্ৰল ঢালি চৌহদৰ বেৰ জ্বলাই দিয়ে। পূজাৰী জনৰ ওপৰতো পেট্ৰ’ল ঢালি জ্বলাই দিয়াত পূজাৰীজনৰ দেহৰ ৫০ শতাংশ জ্বলি যায় আৰু হাস্পতালত তেওঁৰ মৃত্যু ঘটে।

ইফালে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ৬ জনৰ বিৰুদ্ধে হত্যাৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। ঘটনাৰ মুখ্য অভিযুক্ত কৈলাশ মীনা নামৰ লোকজনক ইতিমধ্যে আটক কৰা হৈছে। ইয়াৰোপৰিও আৰক্ষীয়ে শংকৰ মীনা, নমো মীনা আৰু অন্য ৩ জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।