ভূমি পূজনেৰে নতুন সংসদ ভৱনৰ প্ৰতীকি শিলান্যাস প্ৰধানমন্ত্ৰী মোদীৰ

56

ডিজিটেল ডেস্কঃ দিল্লীৰ নতুন সংসদ ভৱনৰ বৃহস্পতিবাৰে শিলান্যাস কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন সংসদ ভৱনৰ শিলান্যাস উপলক্ষে আয়োজন কৰা ভূমিপূজনত অংশ লয়। উল্লেখ্য যে, ইণ্ডিয়া গেটৰ সমীপত নিৰ্মাণ কৰা এই নতুন ভৱনৰ এই শিলান্যাস প্ৰতীকি ৰূপত কৰা হ’ব যদিও ইয়াৰ নিৰ্মাণ কাৰ্য এতিয়াই আৰম্ভ নহয়।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, এই নতুন সংসদৰ নিৰ্মাণ কাৰ্যৰে জড়িত এক আৱেদনত উচ্চতম ন্যায়ালয়ৰ শুনানি গ্ৰহণ কৰিবলৈ বাকী থকা বাবে নিৰ্মাণ কাৰ্য বৰ্তমান আৰম্ভ নহ’ব। লক্ষণীয় যে, এই সংসদ ভৱনটো ২০০০০ কোটি টকাৰ চেন্ট্ৰেল ভিষ্টা প্ৰজেক্টৰ এক গুৰুত্বপূৰ্ণ অংশ।