ভুৱা জন্মৰ প্ৰমাণ পত্ৰৰ গোচৰত সমাজবাদী পাৰ্টীৰ নেতা আজম খানক সপৰিয়ালে ৭ বছৰৰ কাৰাদণ্ডৰ শাস্তি

277

সমাজবাদী পাৰ্টিৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী আজম খান আৰু তেওঁৰ পৰিয়ালক ভুৱা জন্ম প্ৰমাণ পত্ৰৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছে। আজম খানৰ লগতে তেওঁৰ পুত্ৰ আজ, আব্দুল্লা আৰু পত্নী ডাঃ তনজীম ফাতিমাক দোষী সাব্যস্ত কৰা হৈছে। তিনিওজনকে সাত বছৰৰ কাৰাদণ্ড বিহা হৈছে। ইয়াৰ লগতে আজম খানৰ জামিন আবেদন বাতিল কৰা হৈছে। বিজেপি নেতা আকাশ ছাক্সেনাই আজম খানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। আদালতে শাস্তি ঘোষণা কৰাৰ পিছতে আদালতৰ পৰা পোনপটীয়াকৈ তিনিওজনকে জেললৈ প্ৰেৰণ কৰা হৈছে।

ৰামপুৰৰ বিশেষ সাংসদ-বিধায়ক আদালতে আজম খান, তেওঁৰ পুত্ৰ আৰু তেওঁৰ পত্নীক দোষী সাব্যস্ত কৰি সাত বছৰকৈ কাৰাদণ্ড বিহিছে। এই বিষয়টো আব্দুল্লা আজমৰ দুখন জন্ম প্ৰমাণ পত্ৰৰ সন্দৰ্ভত। আব্দুল্লা আজমৰ প্ৰথমে জন্মৰ প্ৰমাণ পত্ৰৰ ভিত্তিত পাছপ’ৰ্ট লৈ বহিঃৰাজ্যলৈ যোৱাৰ অভিযোগ। আন এখন জন্মৰ প্ৰমাণ পত্ৰ চৰকাৰী কামত ব্যৱহাৰ কৰাৰ অভিযোগ।

তথ্য অনুসৰি ২০১২ চনৰ ২৮ জুনত ৰামপুৰ পৌৰসভাই প্ৰথমখন জন্মৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিছিল য’ত আব্দুল্লা আজমৰ জন্মস্থান ৰামপুৰত দেখুওৱা হৈছে। ২০১৫ চনৰ জানুৱাৰী মাহত প্ৰদান কৰা দ্বিতীয়খন জন্মৰ প্ৰমাণ পত্ৰত তেওঁৰ জন্মস্থান লক্ষ্ণৌ বুলি দেখুওৱা হৈছে। এই গোচৰত আব্দুল্লা আজম, তেওঁৰ পিতৃ আজম খান আৰু মাতৃ তনজীম ফাতিমাৰ বিৰুদ্ধে ৪২০, ৪৬৭, ৪৬৮ আৰু ৪৭১ ধাৰাত গোচৰ ৰুজু কৰা হৈছিল।