ভুৱা এনকাউন্টাৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি অসম আৰক্ষী আৰু ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় মনৱাধিকাৰ আয়োগক জাননী জাৰি কৰিছে ন্যায়ালয়ে।
শুকুৰবাৰে ন্যায়ালয়ে অসম আৰক্ষী আৰু মানৱাধিকাৰ আয়োগক জাননী জাৰি কৰি ন্যায়ালয়ত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।
উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ নীতি অনুসৰণ কৰি অসম চৰকাৰে আৰক্ষীক কঠোৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰাৰ পিছতে ৰাজ্যত শতাধিক এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে। এনে পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে ভুৱা এনকাউণ্টাৰ সংঘটিত কৰা নীৰিহ যুৱকক অপৰাধী সজাই ঘূ্ণীয়া কৰাৰো অভিযোগ উত্থাপন হৈছে। শেহতীয়াকৈ নগাঁৱত সংঘটিত এক এনকাউণ্টাৰৰ পিছত এই অভিযোগ অধিক তীব্ৰতৰ হৈ পৰাৰ পিছতে উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছিল। যাৰ পিছত পূৰ্বে ৰাজ্য চৰকাৰকো শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছিল ন্যায়ালয়ে।
