মঙলবাৰে পুৱা উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ সমীপৰ দিল্লী-মীৰাট এক্সপ্ৰেছৱে’ত এখন গাড়ী আৰু স্কুল বাছৰ সংঘৰ্ষত কমেও ছয়জন লোকৰ মৃত্যু হয়। খবৰ অনুসৰি ক্ৰছিং ৰিপাব্লিক থানা এলেকাৰ সমীপৰ ৯ নং ৰাষ্ট্ৰীয় ঘাইপথত লালকুৱানৰ পৰা দিল্লীলৈ যোৱা লেনত সংঘটিত হয় এই দুৰ্ঘটনা।
দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে মৃতদেহবোৰ গাড়ীত বেয়াকৈ আবদ্ধ হৈ পৰে আৰু আৰক্ষীয়ে তেওঁলোকক উলিয়াই আনিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। দুৰ্ঘটনাটোৰ পিছত থিতাতে দেখা গ’ল বিপুল জনসমাগম। লাভ কৰা তথ্য অনুসৰি কাটাৰেৰে দুৱাৰ কাটি গাড়ীৰ পৰা এটা মৃতদেহ উলিয়াই আনিবলগীয়া হৈছিল। ইফালে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অতিৰিক্ত ডিচিপি (ট্ৰেফিক) ৰামানন্দ কুশৱাহাই কয় যে দিল্লী-মীৰাট এক্সপ্ৰেছৱে’ত এখন টিউভি গাড়ী আৰু স্কুল বাছৰ সংঘৰ্ষত পুৱা প্ৰায় ৬ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। “ছয়জন লোকৰ থিতাতে মৃত্যু হয়, আৰু দুজন গুৰুতৰভাৱে আহত। দিল্লীৰ গাজীপুৰৰ পৰা চিএনজি লৈ বাছ চালকজন ভুল দিশৰ পৰা আহিছিল। টি ইউ ভিখন মীৰাটৰ দিশৰ পৰা আহি গুৰুগ্ৰামলৈ গৈ আছিল।” বাছখনে দিল্লীৰ পৰা গোটেই বাটটো ভুল দিশৰ পৰা আহিছিল। ইতিমধ্যে চালকজনক গ্ৰেপ্তাৰ কৰা হৈছে। গাড়ীখনত থকা লোকসকল একে পৰিয়ালৰ সদস্য আছিল। বাছখনত কোনো ছাত্ৰ নাছিল…” তেওঁ লগতে কয়।
ইফালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই পথ দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰে। লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।