ভিক্টৰ দাসক ৭ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

452

ভিক্টৰ দাসক ৭ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ।

কামৰূপৰ মুখ্য নায়িক দণ্ডাধীশৰ আদালতে শনিবাৰে ভিক্টৰক আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।

নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ভিক্টৰ দাসে।

কিন্তু এই অভিযোগ সন্দৰ্ভত কোনো প্ৰমাণ প্ৰদান কৰাত অসমৰ্থ হোৱাৰ বাবেই উৰা বাতৰি বিয়পোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ভিক্টৰক।

শুকুৰবাৰে নিশা ভিক্টৰক গ্ৰেপ্তাৰৰ পিছত শনিবাৰে আদালতত হাজিৰ কৰায় পাণবজাৰ আৰক্ষীয়ে।

অন্যহাতে ভিক্টৰৰ গ্ৰেপ্তাৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সামাজিক মাধ্যমত।