ভি গ্ৰাহকৰ ২৪x৭ ৰিয়েল টাইম সেৱা প্ৰদান কৰা

64

ভাৰতৰ আগশাৰীৰ টেলিকম ব্ৰেণ্ড ভি ইয়াৰ ব্যৱহাৰকাৰীসকলক এক উন্নত গ্ৰাহকৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ গুগল বিজনেছ মেচেজৰ সৈতে সংযুক্ত কৰা হৈছে। ভি য়ে ইয়াৰ গ্ৰাহকসকলক বাস্তৱ-সময়ৰ সেৱা ২৪x৭ প্ৰদান কৰিবলৈ গুগলৰ ব্যৱসায়িক বাৰ্তাৰ সৈতে ভি, ভিআইচি চেটবোট সংযোগ কৰিছে, যাক ভি গ্ৰাহকসকলে গুগল চাৰ্চ, গুগল মেপ, বা ভি ষ্টোৰত অনুসন্ধান কৰিব লাগিব য’ত ‘চ্যাট’ বা ‘মেচেজ এ লাইভ এজেন্ট’ বুটাম পোৱা যায় যি তেওঁলোকক ভাৰ্চুৱেল এজেণ্ট, ভিআইচিৰ সৈতে সকলো প্ৰশ্নৰ উত্তৰ পাবলৈ অনুমতি দিয়ে। গুগলৰ ব্যৱসায়িক বাৰ্তাৰ সৈতে সংযোজিত হোৱা ভাৰতৰ টেলিকম ব্ৰেণ্ডসমূহৰ ভিতৰত ভি হৈছে প্ৰথম ব্ৰেণ্ড। ভি-য়ে গ্ৰাহকসকলক বিল পেমেন্ট, ৰিচাৰ্জ, প্লেন অ্যাক্টিভেশন, নতুন কানেকশন, ডেটা ব্যালেন্স, বিল অনুৰোধ সহ আৰু অধিক প্ৰয়োজনীয় সেৱা প্ৰদান কৰে।