ভাৰতৰ বাবে আছে এক সুখবৰ!আৰু কেইটামান বছৰৰ পিছত হয়তো দেশবাসীয়ে স্বচক্ষুৰে উপভোগ কৰিব পাৰিব বিশ্ব ক্ৰীড়া মহাসমাৰোহ অলিম্পিক।

দ্য গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ খ্যাত অলিম্পিক ক্ৰীড়া মহাসমাৰোহ আয়োজনৰ বাবে সম্পূৰ্ণ সাজু ভাৰত। এই ঘোষণা কৰিছে কেন্দ্ৰীয় গৃ্হমন্ত্ৰী অমিত শ্বাহে।

উত্তৰাখণ্ডৰ হালদ্ৱানীত অনুষ্ঠিত হোৱা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ আজি সামৰণি অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই ঘোষণা কৰে।

নিজ ভাষণত অমিত শ্বাহে ২০৩৬ চনৰ অলিম্পিক আয়োজন কৰিবলৈ ভাৰত সাজু আছে বুলি মন্তব্য কৰে।