ভাৰতৰ তীব্ৰবেগী বলাৰ ইৰফান পাঠানে ইতিমধ্যে ক্ৰিকেটৰ পৰা অৱসৰ লৈছে। নিজৰ অদম্য প্ৰতিভাৰে খুউব কম সময়ৰ ভিতৰত বিশ্ব ক্ৰিকেটত নিজৰ পৰিচয় দাঙি ধৰাত সফল হৈছিল ইৰফান। কিন্তু ক্ৰিকেটাৰগৰাকীৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ বেছি দীঘলীয়া নহ’ল। এক খবৰ অনুসৰি ইৰফান খানৰ মুঠ সম্পত্তিৰ পৰিমান ৭ নিযুত আমেৰিকান ডলাৰ। অর্থাৎ ভাৰতীয় মূল্যত প্ৰায় ৫১ কোটি টকা। ক্ৰিকেটাৰগৰাকীয়ে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ আৰু আইপিএলৰ জৰিয়তে অধিকতৰ আয় কৰিছে। ইৰফান পাঠানৰ গুজৰাটৰ বডোৰাত এটা বিলাসবহুল ঘৰ আছে। ঘৰটোৰ বর্তমান মূল্য প্ৰায় ৬ কোটি টকা। গাড়ীৰ ক্ষেত্ৰত ইৰফানৰ বেছি চখ নাই যদিও তেওঁৰ ওচৰত আছে স্কৰপিঅ’, টয়টা ফৰ্ছুনাৰ, মাৰ্চিডিজ বেঞ্জ আদি গাড়ী।
