ভাৰতৰ কৃষক আন্দোলনলৈ সমৰ্থন এডল্ট ষ্টাৰ মিয়া খালিফাৰ

69

পপষ্টাৰ ৰিহানাৰ পিছত এইবাৰ প্ৰাক্তন এডল্ট ষ্টাৰ মিয়া খলিফায়ো কৃষক আন্দোলনক সমৰ্থন জনাইছে। তেওঁ টুইটাৰ আৰু ইনষ্টাগ্ৰামত কৃষক আন্দোলনৰ সমৰ্থনত কেইবাটাও পোষ্ট দিয়ে। মিয়া খলিফাই কৃষক প্ৰদৰ্শনৰ ফটোও শ্বেয়াৰ কৰিছে।

মিয়া খলিফাই ইনষ্টা ষ্টোৰীত কৃষক আন্দোলনৰ এখন ফটো শ্বেয়াৰ কৰিছে। তাত এজন প্ৰতিবাদকাৰীয়ে পোষ্টাৰো উঠাই থকা দেখা পোৱা গৈছে। য’ত লিখা আছে- কৃষকসকলক মাৰধৰ কৰা বন্ধ কৰক। ফটোখনৰ তলত কেপচনত লিখা আছে- কৃষক আন্দোলনৰ সময়ত দিল্লীত ইণ্টাৰনেট কৰ্তন কৰা হৈছে। এয়া কি চলি আছে।

ইয়াৰোপৰি তেওঁ টুইটাৰটো কৃষক আন্দোলনৰ ফটো শ্বেয়াৰ কৰিছে। তেওঁ কৃষক আন্দোলনৰ সমৰ্থনত দুটা টুইট দিয়ে। তেওঁ এটা টুইটত লিখিছে- কোন ধৰণৰ মানৱাধিকাৰ উলংঘন হৈ আছে? তেওঁলোকে নতুন দিল্লীৰ সমীপৰ ইণ্টাৰনেট কৰ্তন কৰিছে?

তেওঁ আনটো টুইটত লিখিছে যে- Paid actors, huh? মই আশা কৰিছো যে এৱাৰ্ড ছীজনৰ সময়ছোৱাত তেওঁলোকক আওকাণ কৰা নহ’ব। মই কৃষকসকৰ সৈতে থিয় হৈ আছো। #FarmersProtest।