ভাৰতৰ কৃষক আন্দোলনক লৈ সংযুক্ত ৰাষ্ট্ৰৰ প্ৰতিক্ৰিয়া…

51

ডিজিটেল ডেস্ক:- কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী কৃষি আইনৰ বিৰুদ্ধে অব্যাহত আছে কৃষকৰ প্ৰতিবাদ। চৰকাৰে বাৰম্বাৰ এই শান্তিপূৰ্ণ প্ৰতিবাদ বিফল কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। তথাপিও যেন হাৰ মনা নাই কৃষক সকলে। ইফালে কৃষকৰ এই প্ৰতিবাদ এতিয়া আন্তঃৰাষ্ট্ৰীয় মহলতো চৰ্চিত হৈছে।

সংযুক্ত ৰাষ্ট্ৰৰ মহাসচিব এণ্টনীঅ’ গোটৰেছে কৃষকৰ এই প্ৰতিবাদ সন্দৰ্ভত কয় যে মানুহে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাৰ অধিকাৰ আছে আৰু কৰ্তৃপক্ষই তেওঁলোকক এনে কৰিবলৈ দিব লাগে।

ইফালে ভাৰত চৰকাৰে কৃষকৰ প্ৰতিবাদক লৈ বিদেশী নেতাৰ মন্তব্যক “বিপৰ্যয়কাৰী” আৰু “অপ্ৰয়োজনীয়” বুলি অভিহিত কৰে আৰু কয় যে ই এক দেশৰ আভ্যন্তৰীণ বিষয়।