ভাৰতীয় সেনাৰ হাতত আটক হোৱা চীনা সৈনিকক চীনৰ হাতত অৰ্পণ

58

ডিজিটেল ডেস্কঃ যোৱা সোমবাৰে লাদাখৰ চুমাৰ-ডেমচ’ক এলেকাত ভাৰতীয় সেনাৰ হাতত আটক হোৱা চীনা সৈনিকজনক উভতাই দিলে ভাৰতে। মঙলবাৰে মাজনিশা চুছুল মোলডো মিটিং পইণ্টত ভাৰতীয় সেনাই চীনৰ হাতত গতাই দিয়ে ৱাং য়া লোং নামৰ চীনা সৈনিকজনক।

খবৰ অনুসৰি পথভ্ৰষ্ট হৈ সোমবাৰে এলএচিত ঘূৰি আছিল চীনা সৈনিক জন। সেই সময়ত ভাৰতীয় সেনাই চীনা সৈনিকজনক আটক কৰি কাপোৰ আৰু খাদ্য আদি দি সৈনিকজনক জীৱন ৰক্ষা কৰে। আনহাতে এই চীনা সৈনিকজনক কেইবাদিনলৈ চীনক অৰ্পণ কৰা নহয় বুলি চৰ্চা চলিছিল যদিও সন্ধানহীন সৈনিক জনক উভতাই বিচাৰি চীনা সেনাই কৰা অনুৰোধৰ পিছত ভাৰতীয় সেনাই সৈনিকজনক উভতাই পঠিয়ায়।